Dr. Dipok Kumar Doley

Teacher - Author - Mentor

Welcome to the official author website. Explore published books, preview cover pages, and open each title as a PDF.

Dr. Dipok Kumar Doley

Welcome to the Dr. Dipok Kumar Doley's Website

About

About The Author

Dr. Dipok Kumar Doley

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাটৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে সেৱা আগবঢ়োৱা দীপক কুমাৰ দলে জনাই ৰতনপুৰ নিবাসী পোৱাল চন্দ্ৰ দলে আৰু মেমচি দলেৰ পুত্ৰ। অসমৰ ধেমাজি জিলাৰ অন্তৰ্গত জনাই সমজিলাৰ ৰতনপুৰ গাঁৱত ১৯৬৮ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা দীপক কুমাৰ দলেয়ে ৰতনপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড়ৰ হনুমানবক্স সূৰযমল কানৈ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ভাষা বিষয়ত স্নাতকোত্তৰ দলেয়ে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাত কিছুদিন অভিধান প্ৰকল্পৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে। তাৰ আগতে জোনাই বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক হিচাপেও শ্রী দলেয়ে শিক্ষকতা কৰিছিল। প্ৰাককালীন শিক্ষকৰূপে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিক্ষকতাৰে সেৱা আগবঢ়োৱা দলেয়ে অধ্যাপিকা ড° অৰ্পণা কোঁৱৰৰ তত্ত্বাৱধানত ভাষা বিষয়ত গৱেষণা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। শ্রী দলেয়ে লিখা গ্ৰন্থসমূহ হ'ল— ঘূৰাই পোৱা হ'লে ল'ৰালিৰ পাৰ হোৱা সেই দিনবোৰ, Asin Mukkang, Asinang Onam (কবিতা), Umorké Mé:tom (অনুদিত কবিতা), Heidi (অনুদিত কাহিনী), তৰুণ চন্দ্ৰ পামেগাম (জীৱনী), Sémpéi Ika:n Turnsmsé (গল্প সংকলন), Bollang (উপন্যাস), মিচিং ভাষা, মিচিং ভাষা আৰু সংস্কৃতি, (গৱেষণাধৰ্মী), Ouwéng, Ommou (জীৱনীমূলক), Mising Gomlam Gomséng (মিচিং ব্যাকৰণ ৰচনা), Mitpanla:ma:nam Mising Tani:, দলে বংশাৱলী। মিচিং আগম্ কৗবাঙৰ সচিবৰূপেও দলেয়ে ২০১০-১১ বৰ্ষত সেৱা আগবঢ়ায়। সাহিত্য অকাদেমিৰ সাহিত্য বিষয়ক বিভিন্ন কাৰ্যসূচীত ২১ বাৰকৈ মিচিং সাহিত্যক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিনিধিত্ব কৰা ড° দলে গীতিকাৰ ৰূপেও মিচিং গীতৰ পথাৰখনত সুপৰিচিত।

Books

Published Works

Click any cover page to open the full PDF book.

Videos

Videos

Author moments..

Contact

Get In Touch

dkrdoley@gmail.com +91-9435492386

Principal, Murkong Selek College, Jonai 787060

Book PDF
Open PDF in new tab
Video